You might find certain portions of this page are not in Assamese. Our staff are working on finishing the translation at the earliest. Our sincere apologies for the delay.

টি ডব্লিউ আৰ বাইবেল কুইজ কি?

বিচাৰি পাবলৈ ইয়াত ক্লিক কৰক

টি ডব্লিউ আৰ ইণ্ডিয়া বাইবেল কুইজ হৈছে ভাৰতীয় ভাষাত অতি সূক্ষ্মভাবে বাইবেলখন অধ্যয়ন কৰিবলৈ উৎসাহ আৰু আগ্ৰহ বৃদ্ধিৰ এক প্ৰয়াস ৷ যোৱা ১১ টা বছৰে আমি অতি সফলতাৰে এই বাইবেল কুইজ অনুষ্ঠিত কৰি আহিছো ৷ এই সফলতা প্ৰধানকৈ আমি আৰোপ কৰিব পাৰো টি টি বিৰ ড: জে ভাৰ্নন মেকগীৰ দ্বাৰা পৰিচালিত ঈশ্বৰৰ বাক্যৰ ওপৰত হোৱা শৃংখলাবদ্ধ অধ্যয়ন আৰু ই টি ডব্লিউ আৰ ইণ্ডিয়াৰ ১০০তকৈও অধিক ভাযাত উপলব্ধ আছে ৷ এই টি ডব্লিউ আৰ বাইবেল কুইজত ভাগ লোৱা প্ৰত্যেক মণ্ডলীয়ে এই কথা প্ৰমাণিত কৰিছে যে ঈশ্বৰৰ বাক্য অতি সূক্ষ্ম আৰু প্ৰণালীবব্ধভাবে অধ্যয়ন কৰিবলৈ ই হৈছে এটা সম্পূৰ্ণৰূপে অদ্বিতীয় অভিজ্ঞতা ৷ আৰু ইয়াৰ ফলস্বৰূপে ২০১৯ চনত সমগ্ৰ ভাৰতবৰ্ষত বাইবেল কুইজত ভাগ লোৱা অংশগ্ৰহনকাৰীৰ সংখা ৬৬,০০০ অতিক্ৰম কৰিছিল ৷

এই বছৰো আমি আৰু এখোজ আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিছো আৰু গোটেই ভাৰততে এই প্ৰতিযোগিতাটো প্ৰবাহিত হোৱাটো কামনা কৰিছো ৷ আৰু এই ধাৰণাৰ ফলশ্ৰুতিতে অনলাইন বাইবেল কুইজৰ জন্ম হৈছে ৷ ক'ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আৰু চৰকাৰৰ সকলোবোৰ নীতি-নিৰ্দেশনা মানি আমি আমাৰ লক্ষ্যৰ পথত আগবাঢ়ি আমাৰ পৰিচৰ্যা কাৰ্য্য কৰি যাওঁ আহক৷

আমি আশা কৰিছো যে এই বাইবেল কুইজত ভাগ লৈ আপুনি এক বিৰল অভিজ্ঞতা লাভ কৰিব আৰু এই বছৰ বাইবেল কুইজ অনুষ্ঠিত কৰিবলৈ লোৱা যাত্ৰাপুস্তকৰ পৰা আপুনি আপোনাৰ আত্মাক ভালেখিনি পুষ্টি যোগাবলৈ সক্ষম হব ৷ আপোনাৰ অংশগ্ৰহনে আমাক আৰু অধিককৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আৰু গোটেই ৰাষ্ট্ৰৰ বিশ্বাসীসকলক বলৱান কৰিবলৈ উৎসাহ যোগাব , সেয়েহে টি ডব্লিউ আৰ ইণ্ডিয়াৰ পৰিচৰ্য্যাক আপুনি নিৰন্তৰে সঁহাৰি জনাওক৷

ধন্যবাদ

উপলব্ধ ভাষাসমূহ :-

টি ডব্লিউ আৰ ইণ্ডি্য়া বাইবেল কুইজ ২০২০ এইবাৰ অনলাইনযোগে ১৪টা ভাষাত অনুষ্ঠিত হব যিটোৱে ভিন ভিন ভাষিক গোষ্ঠীক সামৰি লব ৷ এই বছৰ কি কি ভাষাত এই প্ৰতিযোগিতা অনুষ্ঠিত হব তাক জানিবলৈ ইয়াত ক্লিক কৰক ৷

English

हिन्दी

தமிழ்

తెలుగు

മലയാളം

বাংলা

मराठी

ਪੰਜਾਬੀ

ગુજરાતી

ಕನ್ನಡ

অসমীয়া

नेपाली

ଓଡ଼ିଆ

Kokborok


এই ভাষাসমূহৰ যিটো ভাষা আপুনি পঢ়িব পাৰে আৰু বুজি পায় তেতিয়াহলে আপুনি এই বাইবেল কুইজত অনায়াসে অংশগ্ৰহন কৰিব পাৰিব ৷ যেতিয়া আপুনি পঞ্জীয়ন কৰিব তেতিয়া সম্পূৰ্ণৰূপে নিশ্চিত হৈহে ভাষাটো নিৰ্বাচন কৰিব ৷

পঞ্জীয়ন মাচুল :-

এবাৰ পঞ্জীয়নভুক্ত মাচুল মাত্ৰ ৫০ টকা

এই পঞ্জীয়ন মাচুল অনলাইনযোগে ৰেজিষ্টাৰ কৰাৰ সময়ত আদায় কৰিব পাৰিব

আপুনি যদি ভাৰতবৰ্ষৰ বাহিৰৰ হয় আৰু ধন পৰিশোধ কৰিব বিচাৰিছে তেন্তে অনুগ্ৰহ কৰি মন কৰিব যে আপুনি কেৱল ভাৰতীয় মুদ্ৰাহে ব্যৱহাৰ কৰিব পাৰিব এই ক্ষেত্ৰত আপুনি যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহলে অলপো সংকোচ নকৰি ৱেবছাইটত থকা যিকোনো এটা যোগাযোগ নম্বৰ বাছনি কৰি যোগাযোগ কৰি লব পাৰিব

এবাাৰ যেতিয়া আপোনাৰ পঞ্জীয়ন কাৰ্য্য সম্পূৰ্ণ হব আৰু টি ডব্লিউ আৰ ইণ্ডিয়াই সত্যাসত্য নিৰূপণ কৰিব আপোনালৈ এটা নিশ্চিত তথ্য পঠোৱা হব আৰু লগতে নীতি-নিয়মৰ টোকা আপোনালৈ পঠোৱা হব যিবোৰ আপোনাৰ অনলাইন বাইবেল কুইজত ভাগ লোৱা আৰু সাজু হবৰ কাৰণে দৰকাৰী তথ্য আৰু লগতে অধ্যয়নৰ প্ৰস্তুতিৰ কাৰণেও আপোনালৈ লিংক পঠোৱা হব ৷